Show/Hide Keyboard Layout

উটি যা ৰূপালী নাও

- বিষ্ণুপ্ৰসাদ ৰাভা

উটি যা ৰূপালী নাও

উটি যা উটি যা ৰূপালী নাও

জুৰকৈ বা জুৰকৈ বা

অ’ মোৰ পছোৱা মলয়া বা ।

দেখি তোৰ শুকুলা পাল

হিয়া মোৰ মাৰে নিতাল

শুনি তোৰ মৃদুল সুৰ

সিয়ৰি উঠে মোৰ গা

লুইতৰ বুকুৰে ঢল

নাচি কৰে কলমল

গাই গৈ কল কল

তোলে সুমধুৰ ৰাগ ।।

Hits: 1253